Preloader Close
j o r h a t   c e n t r a l   c l u b

About Us

KNOW ABOUT US

About Us

"Eshwate Islam" is a social and cultural organization that was established at Guwahati in 1927. It was Muslims who founded this institution. The initial sessions took place in Jorhat and Nagaon in 1928. Following that meeting, some entrepreneurial young people of the era took the initiative to start a club in Jorhat known as the "Muslim Club" in 1929. “Eshwate Islam”, established in Guwahati, was disbanded in 1930 during the Dibrugarh session. Nonetheless, Jorhat's "Muslim Club" was established permanently. The club emphasizes several social, cultural, religious, athletic, and educational facets in addition to providing entertainment. Late Harunar Rashid Shahab, a well-known translator, served as the first club's secretary and its first president was the renowned attorney Marhum Keramat Ali Shahab. The late Fidus Ali Shah's rented house on Rahman Road next to the Truck Stand in Jorhat served as the club's original location. The club was relocated in 1934–1935 to the home of late Dr. Shahjahan Shah, who lived in Gar Ali. Names of some of the club's members at the time are provided. The deceased Shehiruddin Ahmed, Naziruddin Ahmed, Nurul Hussain Hazarika, Iqbal Jahan, Syed Mannan, and Najibur Rahman are among them. The Muslim Club was founded and registered in 1939 on ten bighas of land in front of the Head Post Office as it stands now. In honor of Jorhat Courts' Munsif Phukan Ali, the late Sardar Chohan Singh, a well-known constructor at the time, built the Jorhat Central Club in 1940 as a concrete home with funding from Khan Bahadur late Rakunuddin Ahmed. It continues to be called as "Phukan Ali Memorial Hall." The Muslims of Jorhat used this house as a forum for a variety of conversations, which helped to advance social, cultural, athletic, and other facets of life.

১৯২৭ চনত গুৱাহাটীত “এশ্বৱাতে ইছলাম” নামৰ এটি সামাজিক তথা সাংস্কৃতিক অনুষ্ঠান গঢ় লৈ উঠিছিল। এই অনুষ্ঠানটো ইছলাম ধৰ্মীয় লোকৰ দ্বাৰা গঠন হৈছিল। ১৯২৮ চনত প্ৰথম অধিৱেশন নগাঁৱত আৰু ১৯২৯ চনত যোৰহাটত অনুষ্ঠিত হৈছিল। সেই অধিৱেশনৰ পাচতেই ১৯২৯ চনতেই সেই সময়ৰ কিছুমান উদ্যোগী যুৱকৰ তৎপৰতাত যোৰহাটত “মুছলিম ক্লাৱ” নামৰে এটি ক্লাৱ গঠন হয়। উল্লেখযোগ্য যে গুৱাহাটীৰ “এশ্বৱাতে ইছলাম” নামৰ সংগঠনটি১৯৩০ চনত ডিব্ৰুগড় অধিৱেশনৰ পাচত ভংগ হৈ যায়। কিন্তু যোৰহাটৰ “মুছলিম ক্লাৱে” স্থায়ী ৰূপ পায়। ক্লাৱটো কেৱল বিনোদনৰ কেন্দ্ৰ নহৈ বিভিন্ন সামাজিক সাংস্কৃতিক, ধর্মীয়, ক্রীড়া আৰু শৈক্ষিক দিশত মনোনিৱেশ কৰে। এই ক্লাৱৰ প্ৰথম সভাপতি আছিল প্ৰখ্যাত অধিবক্তা মহুম কেৰামত আলি চাহাব আৰু সম্পাদক আছিল বিখ্যাত অনুবাদ সাহিত্যিক মৰহুম হাৰুণাৰ ৰছিদ চাহাব। প্ৰথম অৱস্থাত ক্লাৱটো প্ৰতিষ্ঠা কৰা হৈছিল যোৰহাটৰ ট্ৰাক ষ্টেণ্ডৰ সমিপৰ ৰহমান ৰ'ডৰ মৰহুম ফিদুচ আলি চাহাবৰ ভাড়া ঘৰত । তাৰ পাচত ১৯৩৪-৩৫ চনত ক্লাৱটো গড় আলি নিবাসী মৰহুম ডাঃ চাহজাহান চাহাবৰ ঘৰলৈ স্থানান্তৰিত কৰা হয়। সেইসময়ৰ ক্লাৱৰ সদস্য কেইজনমানৰ নাম পোৱা যায়।
তেখেতসকল হৈছে মৰহুম নজিৰুদ্দিন আহমদ, মৰহুম নুৰুল হুছেইন হাজৰিকা, মৰহুম ইকবাল জাহান, মহুম চৈয়দ মান্নান, মৰহুম নজিবুৰ ৰহমান, মৰহুম চেহিৰুদ্দিন আহমদ। ইয়াৰ পাচত মৰহুম কেৰামত আলি চাহাবৰ উদ্যোগতেই ১৯৩৯ চনত বৰ্তমানৰ ঠাইডোখৰ অৰ্থাৎ প্ৰধান ডাকঘৰৰ সন্মুখত এই “মুছলিম ক্লাৱ” ৰ বিঘা ১০ লোচা মাটিত পঞ্জীয়ন কৰি স্থায়ীভাৱে প্রতিষ্ঠা কৰা হয়। উক্ত মাটিত ১৯৪০ চনত খান বাহাদুৰ মৰহুম ৰকুনুদ্দিন আহমদ চাহাবৰ অৰ্থ সাহাৰ্য্য দি সেইসময়ৰ প্রখ্যাত ঠিকাদাৰ স্বৰ্গীয় চৰ্দ্দাৰ চোহান সিং ডাঙৰীয়াৰ হতুৱাই যোৰহাট চেণ্ট্ৰেল ক্লাৱটো যোৰহাট আদালতৰ মুঞ্চিফ মৰহুম ফুকন আলি চাহাবৰ স্মৃতি ৰক্ষাৰ্থে “ফুকন আলি মেম'ৰিয়েল হল” নামাকৰণেৰে এটি পকী ঘৰ নিৰ্মাণ কৰি দিছিল। এই গৃহটি কালক্ৰমত যোৰহাটৰ ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ সকলো ধৰণৰ আলোচনা-বিলোচনা আদিৰ কেন্দ্ৰস্থল হৈ পৰাৰ লগতে সামাজিক, সাংস্কৃতিক, ক্রীড়া আদি বিভিন্ন দিশত অগ্ৰসৰ হোৱাত অৰিহণা যোগাই ৷ এইখিনিতে উল্লেখ কৰা প্রয়োজন যে, ১৯৪৭ চনৰ ১৫ আগষ্টত ভাৰত স্বাধীন হোৱাৰ পাচত ১৯৪৮ চনত সেই সময়ৰ উদাৰপন্থী সদস্যসকলৰ সৰ্ব সন্মত সিদ্ধান্তমর্মে এই “মুছলিম ক্লাৱ” ৰ নাম সলনি কৰি “যোৰহাট চেণ্ট্ৰেল ক্লাৱ” নামেৰে নামাকৰণ কৰা হয় ।
এইদৰে কালক্ৰমত যোৰহাট চেণ্ট্ৰেল ক্লাৱ যোৰহাটৰ এটা অতি জনপ্রিয় অনুষ্ঠান হিচাপে পৰিগণিত হয় । ৫০ৰ দশকত এই ক্লাৱৰ সভাপতিৰ পদ অলংকিত কৰে মৰহুম হেডমাষ্টৰ জেহিৰুদ্দিন আহমদ চাহাবে আৰু সম্পাদক হিচাপে দায়িত্ব লয় মৰহুম চামচুদ্দিন আহমদ চাহাবে। সেই সময়ত ক্লাৱত তৰ্ক প্ৰতিযোগিতা, আকস্মিক বক্তৃতা প্রতিযোগিতা, খেলা-ধূলা আদি অনুষ্ঠিত কৰি ক্লাৱৰ সুনাম অৰ্জন কৰিছিল। সেইসময়ত ক্লাৱত গদা নামৰ এজন চকীদাৰ আহিল ৷
শিক্ষাবিদ মৰহুম জেহিৰুদ্দিন আহমদ, প্ৰশাসনীয় বিষয়া মৰহুম টকিউদ্দিন আহমদ, অধিবক্তা মৰহুম দেৰাজুদ্দিন আহমদ, অধিবক্তা মৰহুম ৰুকুনুদ্দিন আহমদ, অধিবক্তা মৰহুম আছানুল্লাহ আহমদ, অধিবক্তা মৰহুম আবাদ আলি, শিক্ষাবিদ মৰহুম ড° ইমৰাণ হুছেইন চৌধুৰী, মৰহুম ইকৰাম বৰবৰা, মৰহুম চৈয়দ ইকৰাম আলি, সমাজকৰ্মী মৰহুম মহম্মদ আকৰম,উচ্চ কৃষি বিষয়া নেকিবুজ জামান, অধিবক্তা মৰহুম ইছাদুজামান, ডি.আই. মৰহুম মহম্মদ ইউচাহ, মৰহুম চৈয়দ বজলুৰ ৰহমান, মৰহুম ডাঃ নবাব দানিছ আহমদ, মৰহুম চৈয়দ বদিউজ্জামান, সাহিত্যিক মৰহুম পদ্মভূষণ চৈয়দ আব্দুল মালিক, মৰহুম মহম্মদ য়াচিন, মৰহুম আমানুল্লাহ, উচ্চপদষ্ঠ শিক্ষা বিষয়া মৰহুম ৰছিদুজামান আহমদ, মৰহুম আদিল জামান, মৰহুম ইনামুল মজিদ বৰা, মৰহুম চৈয়দ মান্নান, মৰহুম চৈয়দ জাফৰ, মৰহুম আফতাব হুছেইন বৰবৰা, উপ সভাপতি মৰহুম কামালুদ্দিন হাজৰিকা, মৰহুম নজিবুৰ ৰহমান, মৰহুম আলহাজ মতিউৰ ৰহমান, মৰহুম মতিন বখৎ বৰুৱা, মৰহুম খাতিব আহমেদ (নতুন বালিবাট), মৰহুম মফিজুৰ ৰহমান শ‍ইকীয়া, মৰহুম চালেহ জিকিৰা (ধন), মৰহুম কামাল আহমেদ,সাহিত্যিক মৰহুম আব্দুজ ছাত্তাৰ, মৰহুম মহম্মদ গজনবী, মৰহুম চফিউল্লাহ, মৰহুম আলহাজ আনিচুজ্জামান, মঃ ছাহ ছৈয়দ হুছেইন, মহম্মদ আশ্ৰফ শ‍ইকীয়া, মৰহুম আলহাজ আনিজ্জুজামান চাহেব, মৰহুম আশ্ৰফউদ্দিন আহমেদ আদি স্বনামধন্য ব্যক্তি সকলে, বিভিন্ন সময়ত সভাপতি, সম্পাদক, কাৰ্য্যবাহী সদস্য হিচাবে ক্লাৱৰ গঠনমূলক কামত সহায় কৰিছিল। মৰহুম নিজামুদ্দিন আহমেদ আৰু মৰহুম মহিবুদ্দিন আহমেদ ৰ দ্বাৰা পৰিৱেশিত কবি ইকবালৰ জাতীয় সংগীত “চাৰে জাহাঁছে আচ্ছা” ক্লাৱৰ হৈ সমস্বৰে নানান অনুষ্ঠানত পৰিৱেশিত হৈছিল। এই ক্লাৱৰ সদস্য মৰহুম ৰেহাত আলি হাজৰীকা, মৰহুম আব্দুছ চুকুৰ শ‍ইকীয়া আদি ব্যক্তিসকলে মহাত্মা গান্ধীৰ অহিংস আন্দোলনত যোগদান কৰি দেশৰ স্বাধীনতাৰ বাবে অশেষ ত্যাগ স্বীকাৰ কৰিছিল। তেতিয়াৰ পৰাই এই যোৰহাট চেন্ট্ৰেল ক্লাৱ শান্তি আৰু সম্প্ৰীতিৰ প্রতীক ৰূপে সমূহ ৰাইজৰ অতি মৰমৰ আৰু আদৰৰ সামাজিক অনুষ্ঠান হিচাবে পৰিগণিত হৈ আহিছে। স্বাধীনতা দিৱস,গণৰাজ্য দিৱস, বিহু আৰু ঈদ মেহফিল, জিলা আৰু ৰাজ্যিক পৰ্যায়ৰ খেল-ধেমালি আলোচনা চক্ৰ আদি পালন কৰাৰ লগতে এই ক্লাৱৰ যোগেদি বান-দূৰ্গত পৰিয়াললৈ সাহাৰ্য, স্বাস্থ্য শিৱিৰ, নবীন উদ্যোগী সকলৰ বাবে সজাগতা শিৱিৰ আদি নানা ধৰণৰ জনহিতকৰ কাম কৰি অহা হৈছে। ১৯৭০-৭১ চনত এই ক্লাৱৰ পৰা সমাজৰ উঠি অহা ল'ৰা-ছোৱালী বিলাকক সামাজিক, নৈতিক আৰু ধৰ্মীয় জ্ঞান দিয়াৰ লগতে আধুনিক বিজ্ঞান সম্পর্কে এক সজাগতা আনিবৰ বাবে প্রত্যেক শনি আৰু দেওবাৰে পুৱা ভাগত এক পাঠ্যক্ৰম আৰম্ভ কৰা হৈছিল আৰু ইয়াৰ দায়িত্বভাৰ লৈছিল অভিযন্তা মৰহুম আলহাজ গজনবী চাহেবে আৰু তেখেতক সহায় কৰিছিল মৰহুম ফাইজৰ আলি আৰু মৰহুম আব্দুৰ ৰহমান (সুৰুজ) চাহেবে। সুৰুজ চাহেবে সেই সময়ৰ সুদূৰ জাৰ্মানীৰ পৰা ঘূৰি আহোঁতে লগত অনা টেপ-ৰেকৰ্ডাৰ আৰু অন্যান্য ইলেকট্ৰনিকচৰ সা-সজুলী সমূহ লৰা-ছোৱালীৰ আগত প্ৰদৰ্শিত কৰি এই বিষয়ৰ জ্ঞান দিয়াৰ প্ৰয়াস কৰিছিল, কাৰণ সেইসময়ত তেনে সা সৰঞ্জামৰ প্ৰচলন আমাৰ ইয়াত অতি সীমিত আছিল । মৰহুম ফাইজনুৰ আলি চাহাবে জীৱ-বিজ্ঞানৰ বিষয়ে পাঠদান কৰিছিল আৰু সেই পাঠদানৰ অভিজ্ঞতাৰ ওপৰতেই ভিত্তি কৰি লেখা পুথি “জীৱ জগতৰ সাধু” অসম সাহিত্য সভাৰ দ্বাৰা ১৯৭১ চনৰ শ্ৰেষ্ঠ অসমীয়া শিশু পুথি হিচাবে স্বীকৃত হৈ ১৯৭৩ চনত ৰঙীয়া অধিবেশনত পুৰস্কৃত হৈছিল। সেই সময়ৰ জিলা ভিত্তিত অনুস্থিত “বেডমিন্টন” প্রতিযোগিতাত যোৰহাট চেন্ট্ৰেল ক্লাৱে প্ৰতিবছৰে অংশ গ্ৰহন কৰি প্ৰথম আৰু দ্বিতীয় স্থান অধিকাৰ কৰিছিল। সেই সময়ৰ ক্লাৱৰ হৈ বেড্‌মিন্টন খেলাৰ প্ৰশিক্ষক আৰু অধিনায়ক আছিল আলহাজ নুৰুজ্জামান, কমৰুদ্দিন আহমেদ (প্রিন্স) চাহেব। পৰৱৰ্ত্তী সময়ত ১৯৯৩ চনত গুজৰাটত হোৱা ৰাষ্ট্ৰীয় অভিবৰ্ত্তনত তেখেতে “নেচনেল বেড্‌মিন্টন আম্পায়াৰ হিচাবে” স্বীকৃতি লাভ কৰে। সেই সময়ত সমূহ যোৰহাটৰ বহু লোকে মাহেকীয়া বৰঙণি দি ক্লাৱৰ সভ্যভৰ্ত্তী হৈছিল আৰু ক্লাৱৰ ফালৰ পৰাও বিনামূলীয়াকৈ ঈদ-উল ফিত, ঈদ-উজ-জোহা আদিত পৰ্বত গধুৰ প্ৰৱন্ধ সহ আলোচনী আদি প্ৰকাশ কৰিছিল। সেই সময়ত ক্লাৱৰ সভাপতি আছিল মৰহুম আলহাজ মফিজুৰ ৰহমান শইকীয়া (ধন) চাহেব। ১৯৭৮ চনত মহুম আশ্ৰফ শ‍ইকীয়া (মতি) চাহেবে ক্লাৱত “বেড্‌মিন্টন”আদি খেলা-ধূলা কৰা মুকলি মাটিত এটি ঘৰ বনাই দিয়াৰ প্ৰস্তাৱ কৰে আৰু সেইমতেই নক্সা আদি তৈয়াৰ কৰি অনুমতি আদি অনা হ'ল আৰু মাটিৰ সীমাৰ পকীবেৰ আদি দিয়া হ'ল। কিন্তু ১৯৭৮ চনত হঠাৎ এনিশা কোনোবা দুৱিৰ্ত্তই সীমাৰ পকীবেৰ দক্ষিণ দিশত খহাই পেলায়। পূৱা যেতিয়া এই কাৰ্য দৃষ্টিগোচৰ হ'ল, যোৰহাটৰ সকলো জামাত একত্ৰিত হৈ ইয়াৰ সৰৱ প্ৰতিবাদ কৰে। সেই সময়ত জনতা-পাৰ্টি শাসনত আছিল আৰু স্বৰ্গীয় দুলাল বৰুৱা গঢ়কাপ্তানি বিভাগৰ মন্ত্ৰী আছিল। তেখেতলৈ খৰখেদাকৈ অভিযোগ বাৰ্ত্তা পঠোৱা হ'ল আৰু সেইমতে তেখেতে আহি আৱৰ্ত্ত ভৱনত যোৰহাটৰ ৰাইজৰ তীব্ৰপ্ৰতিবাদ আৰু অভিযোগ শুনিলে । সেই সময়ত পৌৰ সভাৰ সভাপতি আছিল স্বৰ্গীয় অনিল বৰুৱা (অধিবক্তা)।
ৰাইজৰ অভিযোগ স্মাৰক পত্ৰ হিচাপে প্ৰায় ১৮ জন কাৰ্যকৰী সদস্যই চহী কৰি মুখ্যমন্ত্ৰীলৈ পঠোৱা হ'ল আৰু সেইমতেই মন্ত্ৰী সভাৰ ৰাজহ মন্ত্ৰী লক্ষেশ্বৰ গোহাঁই, মৰহুম জেহিৰুল ইছলাম, প্ৰয়াত গজেন তাঁতীক আদি কৰি জেষ্ঠ মন্ত্ৰী সকলে ক্লাৱ আৰু স্থান পৰিদৰ্শন কৰেহি আৰু এই অন্যায় কামৰ গৰিহনা দিয়ে আৰু কাৰ্যকৰী ব্যৱস্থা লয়। সেই সময়ত ক্লাৱৰ সভাপতি আছিল মৰহুম নেকিবুজ্জামান চাহেবে আৰু সম্পাদক আছিল মৰহুম ইকবাল আহমেদ। পাছত ১৯৮৫ চনত কাৰ্যকৰী কমিটিৰ দ্বাৰা সকলো আসোঁৱাহ দূৰ কৰি সীমাৰ পকীবেৰ পুনঃনিৰ্মাণ কৰাৰ সিদ্ধান্ত লোৱা হয় আৰু মৰহুম ইকবাল আহমেদক সভাপতি আৰু লগতে দিলোৱাৰ জামানক সম্পাদক হিচাবে লৈ এখন নতুন কমিটি গঠন কৰে। ১৯৮৬ চনত ক্লাৱৰ মাটিৰ সীমাত পকীবেৰৰ কাম আৰম্ভ হয়। সেই বছৰৰে ১২/১০/৮৬ চনত মৰহুম আলহাজ মতিউৰ ৰহমান চাহেবৰ সভাপতিত্বত বহা ৰাজহুৱা সভাত এটি মুছাফিৰ খানা বনোৱাৰ প্ৰস্তাৱ লোৱা হয় আৰু ৰাইজৰ পৰা দান বৰঙণি উঠোৱা হয় ৷ চেন্ট্ৰল ক্লাৱৰ কাৰ্যনিৰ্বাহক সমিতিয়ে পূৰ্বৰ সিদ্ধান্ত অনুসৰি মুছাফিৰখানাৰ নির্মাণকাৰ্য ৰূপায়ণ কৰিবলৈ অপাৰগ হোৱাত ইং ১৭/০৩/৯১ তাং যোৰহাট চেন্ট্ৰেল ক্লাৱৰ সৌজন্যত স্থায়ী সভাপতি জনাব ৰফিকুৰ ৰহমান চাহেবৰ সভাপতিত্বত পুনৰ অনুষ্ঠিত সাধাৰণ সভাত বিবাহগৃহ তথা মুছাফিৰখানা নিৰ্মাণৰ বাবে যাবতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ ডঃ জাকিৰ আহমেদক আৰু আলফাজ ৰেজাউল য়াচিনক আহ্বায়ক দায়িত্ব অর্পণ কৰি “ডেভেলপমেন্ট কমিটি চেন্ট্ৰেল ক্লাৱ যোৰহাট” নামেৰে এখন কমিটি গঠন কৰি দিয়ে। উক্ত কমিটিয়ে সংগ্ৰহ কৰা দান বৰঙণি আৰু প্ৰচেষ্টাৰ ফলত ইং ০৩/১১/৯১ তাং “বিবাহ ভৱন তথা মুছাফিৰখানাৰ” আধাৰশিলা চেন্ট্ৰেল ক্লাৱৰ বয়োজ্যেষ্ঠ সদস্য মহুম চৈয়দ আব্দুল মান্নান চাহাবৰ যোগেদি সম্পন্ন কৰা হয়। ০৩/১১/৯১ চনত মুছাফিৰখানা আৰু বিবাহ ভৱনৰ খুটাৰ কাম শুভ আৰম্ভ কৰে মৰহুম ছৈয়দ আব্দুল মান্নান চাহেবে। কিন্তু প্রকল্পমতে কৰিব বিচৰা এনে এটি বৃহৎ কাম ঘৰৰ খুটা আৰু ভেটি কৰা অৱস্থাতে থাকিল। তেনে অৱস্থাতে ক্লাৱৰ ফালৰ পৰা আয়োজন কৰা “ঈদ মেহফিল” মুকলি সভাত আমন্ত্রিত অতিথি হিচাবে অহা অসমৰ মুখ্য মন্ত্ৰী প্ৰয়াত হিতেশ্বৰ শ‍ইকীয়াদেৱে এটি অনুদান আগবঢ়োৱাত মুছাফিৰখানাৰ নিৰ্ম্মাণৰ আধৰুৱা কাম পুনঃ আগবাঢ়ে আৰু যোৰহাট চেণ্ট্ৰেল ক্লাৱে পুনৰ প্ৰাণ পাই উঠে। ১৯২৯ চনত প্ৰতিষ্ঠা হোৱা যোৰহাট চেন্ট্ৰেল ২০০৪ চনত ৭৫ বছৰ অতিক্ৰম কৰে। অসমৰ ভিতৰতে এটি অতি পুৰণি তথা গৌৰৱময় এই অনুষ্ঠানৰ পূৰ্বৰ ইতিহাস স্মৰণ কৰি যোৰহাট চেন্ট্ৰেল ক্লাৱৰ সভ্যসকলে ২০০৫ চনৰ আগষ্ট মাহত এখন সাধাৰণ সভা অনুষ্ঠিত কৰি মৰহুম ডাঃ জাকিৰ আহমেদক সভাপতি আৰু তৌফিকুল হুছেইনক সম্পাদক হিচাপে নিৰ্বাচিত কৰি মহাৰজত জয়ন্তী উদযাপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। ১৬ ফেব্ৰুৱাৰী ২০০৯ চনত অনুষ্ঠিত হোৱা মহাৰজত জয়ন্তী উদযাপন সমিতিয়ে এখন তত্বগধুৰ গ্ৰন্থ “অসমৰ মুছলমান সমাজ আৰু সাংস্কৃতিৰ ৰূপৰেখা” আৰু “এনাজৰী” নামৰ এখন স্মৰণিকা প্রকাশ কৰি উলিয়াই। সেই সমিতিৰ উদ্যোগতে যোৰহাট চেন্ট্ৰেল ক্লাৱৰ পুৰণা ঘৰটো সম্পূৰ্ণ ঘৰটো সম্পূৰ্ণ ভাঙি পুনৰ নিৰ্ম্মান কৰা হয়। ইয়াৰ বাবে অসমৰ একমাত্র মহিলা মুখ্যমন্ত্ৰী প্রয়াত অনোৱাৰ টাইমুৰ ডাঙৰীয়ানীয়ে ৫ (পাঁচ) লাখ টকাৰ অনুদান দিয়াৰ উপৰিও মহাজত জয়ন্তীৰ মূল অনুষ্ঠান ১৬ ফেব্ৰুৱাৰী ২০০৯ তাৰিখে যোৰহাট চেন্ট্ৰেল ক্লাৱলৈ অহা অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ ডাঙৰীয়াই ৫ (পাঁচ) লাখ টকা অনুদান দিব বুলি ঘোষণা কৰে। উক্ত টকা আৰু যোৰহাটৰ ৰাইজৰ অনুদানত যোৰহাট চেণ্ট্ৰেল ক্লাৱৰ পুনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰা হয়।
বর্তমান “যোৰহাট চেন্ট্ৰেল ক্লাৱ”ত যোৰহাটৰ বহুবোৰ অনুষ্ঠানৰ সভা সমিতি হোৱাৰ উপৰিও খেলা-ধূলা, সংস্কৃতিক অনুষ্ঠান, ৰন্ধন প্রতিযোগিতা, আলোক চিত্ৰৰ প্ৰতিযোগিতা, চিত্রাংকণ, প্রতিযোগিতা আদি সময়ে সময়ে অনুষ্ঠিত কৰি থকা হয়। ইয়াৰোপৰি যোৰহাটৰ চেন্ট্ৰেল ক্লাৱৰ সংলগ্ন কৰি এটা নামাজ গৃহলৈ নিৰ্মাণ কৰা হয় ৷ সেইদৰে চেন্ট্ৰেল ক্লাৱৰ অন্তৰ্গত “আচিয়ানা’ ত বিবাহ জন্মদিন, বিবাহ বার্ষিকি, মিলাদ আদি অনুষ্ঠিত কৰাৰ উপৰিও সমল ব্যক্তিক আমন্ত্ৰণ কৰি আলোচনাচক্র, সভা-সমিতি, হাজীসকলৰ প্ৰশিক্ষণ, হাজীসকলৰ টীকাকৰণ, জামাত কল্যাণ সমিতিৰ জাকাত বিতৰণ, প্ৰদৰ্শনী আদি অনুষ্ঠিত কৰা হয়। যোৰহাট চেন্ট্ৰেল ক্লাৱৰ সৌজন্যত প্ৰতিবছৰে অসম ভিত্তিত মুকলী প্রাইজমনী বেডমিন্টন প্রতিযোগিতা অনুষ্ঠিত কৰা হয় । তদুপৰি এই ক্লাৱৰ সৌজন্যত মুকলী কাৰাগাৰৰ কয়দীসকলৰ মাজত খাদ্য বিতৰণ, বানপিড়ীত লোকসকলক সাহায্য প্রদান, মালৌখাত উচ্চ মাধ্যমিক বিদ্যালয়ৰ বিশুদ্ধ পানী পৰিশোধন যন্ত্ৰ যোগান, ক’ভিড মহামাৰীৰ সময়ত যোৰহাট তথা আশে-পাশে অঞ্চলৰ লোক সকলক ক’ভিড টিকাকৰণ দিয়াকে আদি কৰি বহু জনকল্যাণমূলক কাম কৰি আহিছে।
যোৱা ২০২৩ চনৰ পৰা যোৰহাট চেন্ট্ৰেল ক্লাৱৰ সৌজন্যত প্ৰতি বছৰে মুক্তি যুঁজাৰু বাহাদুৰ গাওঁবুঢ়া আৰু ফমুদ আদি সোৱঁৰণী স্মাৰক বঁটা দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। সেই মৰ্মে যোৱা ২৯ ফেব্ৰুৱাৰী ২০২৩ তাৰিখে “আচিয়ানা”ত পোন প্ৰথমবাৰৰ বাবে বিশিষ্ট সাহিত্যিক তথা সংবাদিক টেৰেচা ৰহমানৰ মুক্তি যুঁজাৰু বাহাদুৰ গাওঁবুঢ়া সোৱৰণী স্মাৰক বঁটা আৰু শিল্পী মোহন শ‍ইকীয়াক মুক্তি যুঁজাৰু ফৰমুদ আলি বঁটা প্ৰদান কৰা হয় ৷ আহিছে।
এইদৰেই “আচিয়ানা” আৰু “যোৰহাট চেন্ট্ৰেল ক্লাৱে” সমাজৰ প্ৰতি সকলো দিশতে বহু কল্যাণমূলক কৰ্ম কৰি আহিছে ।

Why choose us

Spacious Rooms

Parking Available

Free health checkup

Food distribution

Free wifi

Playground

Marriage hall

Catering Services