Preloader Close
j o r h a t   c e n t r a l   c l u b
Know About Us

About Us

১৯২৭ চনত গুৱাহাটীত “এশ্বৱাতে ইছলাম” নামৰ এটি সামাজিক তথা সাংস্কৃতিক অনুষ্ঠান গঢ় লৈ উঠিছিল। এই অনুষ্ঠানটো ইছলাম ধৰ্মীয় লোকৰ দ্বাৰা গঠন হৈছিল। ১৯২৮ চনত প্ৰথম অধিৱেশন নগাঁৱত আৰু ১৯২৯ চনত যোৰহাটত অনুষ্ঠিত হৈছিল। সেই অধিৱেশনৰ পাচতেই ১৯২৯ চনতেই সেই সময়ৰ কিছুমান উদ্যোগী যুৱকৰ তৎপৰতাত যোৰহাটত “মুছলিম ক্লাৱ” নামৰে এটি ক্লাৱ গঠন হয়। উল্লেখযোগ্য যে গুৱাহাটীৰ “এশ্বৱাতে ইছলাম” নামৰ সংগঠনটি১৯৩০ চনত ডিব্ৰুগড় অধিৱেশনৰ পাচত ভংগ হৈ যায়। কিন্তু যোৰহাটৰ “মুছলিম ক্লাৱে” স্থায়ী ৰূপ পায়। ক্লাৱটো কেৱল বিনোদনৰ কেন্দ্ৰ নহৈ বিভিন্ন সামাজিক সাংস্কৃতিক, ধর্মীয়, ক্রীড়া আৰু শৈক্ষিক দিশত মনোনিৱেশ কৰে। এই ক্লাৱৰ প্ৰথম সভাপতি আছিল প্ৰখ্যাত অধিবক্তা মহুম কেৰামত আলি চাহাব আৰু সম্পাদক আছিল বিখ্যাত অনুবাদ সাহিত্যিক মৰহুম হাৰুণাৰ ৰছিদ চাহাব। প্ৰথম অৱস্থাত ক্লাৱটো প্ৰতিষ্ঠা কৰা হৈছিল যোৰহাটৰ ট্ৰাক ষ্টেণ্ডৰ সমিপৰ ৰহমান ৰ'ডৰ মৰহুম ফিদুচ আলি চাহাবৰ ভাড়া ঘৰত । তাৰ পাচত ১৯৩৪-৩৫ চনত ক্লাৱটো গড় আলি নিবাসী মৰহুম ডাঃ চাহজাহান চাহাবৰ ঘৰলৈ স্থানান্তৰিত কৰা হয়। সেইসময়ৰ ক্লাৱৰ সদস্য কেইজনমানৰ নাম পোৱা যায়। তেখেতসকল হৈছে মৰহুম নজিৰুদ্দিন আহমদ, মৰহুম নুৰুল হুছেইন হাজৰিকা, মৰহুম ইকবাল জাহান, মহুম চৈয়দ মান্নান, মৰহুম নজিবুৰ ৰহমান, মৰহুম চেহিৰুদ্দিন আহমদ। ইয়াৰ পাচত মৰহুম কেৰামত আলি চাহাবৰ উদ্যোগতেই ১৯৩৯ চনত বৰ্তমানৰ ঠাইডোখৰ অৰ্থাৎ প্ৰধান ডাকঘৰৰ সন্মুখত এই “মুছলিম ক্লাৱ” ৰ বিঘা ১০ লোচা মাটিত পঞ্জীয়ন কৰি স্থায়ীভাৱে প্রতিষ্ঠা কৰা হয়। উক্ত মাটিত ১৯৪০ চনত খান বাহাদুৰ মৰহুম ৰকুনুদ্দিন আহমদ চাহাবৰ অৰ্থ সাহাৰ্য্য দি সেইসময়ৰ প্রখ্যাত ঠিকাদাৰ স্বৰ্গীয় চৰ্দ্দাৰ চোহান সিং ডাঙৰীয়াৰ হতুৱাই যোৰহাট চেণ্ট্ৰেল ক্লাৱটো যোৰহাট আদালতৰ মুঞ্চিফ মৰহুম ফুকন আলি চাহাবৰ স্মৃতি ৰক্ষাৰ্থে “ফুকন আলি মেম'ৰিয়েল হল” নামাকৰণেৰে এটি পকী ঘৰ নিৰ্মাণ কৰি দিছিল। এই গৃহটি কালক্ৰমত যোৰহাটৰ ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ সকলো ধৰণৰ আলোচনা-বিলোচনা আদিৰ কেন্দ্ৰস্থল হৈ পৰাৰ লগতে সামাজিক, সাংস্কৃতিক, ক্রীড়া আদি বিভিন্ন দিশত অগ্ৰসৰ হোৱাত অৰিহণা যোগাই ৷ এইখিনিতে উল্লেখ কৰা প্রয়োজন যে, ১৯৪৭ চনৰ ১৫ আগষ্টত ভাৰত স্বাধীন হোৱাৰ পাচত ১৯৪৮ চনত সেই সময়ৰ উদাৰপন্থী সদস্যসকলৰ সৰ্ব সন্মত সিদ্ধান্তমর্মে এই “মুছলিম ক্লাৱ” ৰ নাম সলনি কৰি “যোৰহাট চেণ্ট্ৰেল ক্লাৱ” নামেৰে নামাকৰণ কৰা হয় ।

Aashiyana Vivah Bhawan

Features
Spacious Rooms
Parking Available
24x7 Wifi

Jorhat Central Club

Features
Spacious Rooms
Parking Available
24x7 Wifi
Our Works

Works We Have Done

For Any Query

We’re Here to Help You